গোলাঘাট,2 জানুৱাৰীঃআগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ লগত মিত্ৰঁজোটেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম গণ পৰিষদ । উল্লেখযোগ্য যে, অমিত শ্বাহৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম গণ পৰিষদে । কিন্তু কোনটো সমষ্টিত কোনে প্ৰতিদ্বন্দিতা কৰিব সেইয়া এতিয়াও ঠিৰাং হোৱা নাই বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই ৷
আনহাতে পুনৰ বোকাখাত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপৰ সভাপতি অতুল বৰা । শনিবাৰে এক সংবাদ মেলযোগে মন্ত্ৰী অতুল বৰাই এই মন্তব্য কৰে । ইপিনে সংবাদ মেলত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফক তীব্ৰ সমালোচনা কৰে অগপৰ সভাপতি গৰাকীয়ে। কংগ্ৰেছ এ.আই.ইউ.ডিএফ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মুংগেৰীলালৰ সপোন দেখিছে বুলিও মন্তব্য কৰে অতুল বৰাই ।