বোকাখাত, ৩ ফেব্ৰুৱাৰী: কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নিজ সমষ্টিৰ ৰাইজ । বুধবাৰে বোকাখাতৰ ভলোকাগুৰিত কৃষি মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে, মৰংগীয়াল ৰঙাগড়া ঘাটৰ পৰা মেদক গাঁও আৰু আলামি হৈ ভলোকাগুৰি ফেৰী ঘাটলৈ এই পথটো নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি আবণ্টন দিছিল ৷ কিন্তু উক্ত পথটো আন গাঁৱৰ সৈতে সংযোগ কৰি মন্ত্ৰী অতুল বৰা আৰু তেওঁৰ সহযোগীয়ে আন এটা পথ নির্মাণ কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷
ফেৰী ঘাট সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বছৰ বছৰ ধৰি স্থানীয় লোকসকলে হাৰাশাস্তি ভূগি আহিছে । পথটো নিৰ্মাণ হোৱাৰ খবৰে তেওঁলোকক কিছু সকাহ দিছিল যদিও এতিয়া সেই পথটোৰ পৰিৱৰ্তে একে পুঁজিৰে আন পথ নিৰ্মাণ কৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে ৰাইজ । বুধবাৰে গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসহ শতাধিক পুৰুষ, মহিলাই প্ৰতিবাদী সমদল উলিয়ায় । স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে ৰাইজে ৷ অতুল বৰা গ'বেক, অতুল বৰা মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।