অসম

assam

ETV Bharat / state

ৰাহুল গান্ধীয়ে নহয় কংগ্ৰেছ দলৰ মুখত ন্যায় শব্দ শোভা নাপায় - কৃষিমন্ত্ৰী অতুল বৰা - Minister Atul Bora

Atul Bora slams congress: কংগ্ৰেছৰ ন্যায় যাত্ৰাই এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷ গোলাঘাটৰ এটা অনুষ্ঠানত কংগ্ৰেছক তুলাধূনা দিয়ে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷ পঢ়ক সবিশেষ ....

Atul Bora slams congress
ৰাহুল গান্ধীয়ে নহয় কংগ্ৰেছ দলৰ মুখত ন্যায় শব্দ শুভা নাপায় - কৃষিমন্ত্ৰী অতুল বৰা

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 1:37 PM IST

ৰাহুল গান্ধীয়ে নহয় কংগ্ৰেছ দলৰ মুখত ন্যায় শব্দ শুভা নাপায় - কৃষিমন্ত্ৰী অতুল বৰা

গোলাঘাট, 15 জানুৱাৰী : "ৰাহুল গান্ধীয়ে নহয় কংগ্ৰেছ দলৰ মুখত ন্যায় শব্দ শোভা নাপায় ৷ কংগ্ৰেছ দলটোক পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিলে গান্ধী পৰিয়ালে । উত্তৰ পূৰ্বাঞ্চলক দলটোৱে যি প্ৰতাৰণা কৰিলে তাৰ ফল আজি দলটোৱে ভুগি আছে। অকল উত্তৰ-পূৰ্বাঞ্চলেই নহয় সমগ্ৰ দেশতেই কংগ্ৰেছ দলৰ বিপৰ্যয় আৰু শেহতীয়াকৈ হৈ যোৱা নিৰ্বাচনে তাকে প্ৰমাণ কৰিলে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিছিল কিন্তু ভাৰত জোড়ো যাত্ৰাতকৈ নিজৰ দল জোড়ো যাত্ৰাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগিছিল । শেহতীয়াকৈ ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া ন্যায় যাত্ৰা অসম আহিব, যাৰ বাবে চৰকাৰে কোনোধৰণৰ বাধা আৰোপ কৰা নাই। এই ন্যায় যাত্ৰাক আমি আদৰণি জনাইছোঁ ৷" গোলাঘাটত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাহুল গান্ধী অসমলৈ আহিলে ভাল পাম এই কাৰণে যে তেখেতে ইয়ালৈ আহিলে অনুসূচনা কৰিব যে কংগ্ৰেছ দল শাসনৰ গাদীত থাকোঁতে অসমত এইখিনি কাম কিয় নকৰিলে ৷ কাৰণ গুৱাহাটীত তেওঁ আহি ভৰি দিয়াৰ লগে লগে দেখিবলৈ পাব মালিগাঁৱত এখন দীঘল উৰণীয়া সেঁতু, অলপ দূৰ আহিলে দেখিবলৈ পাব পানবজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ এখন নতুন দলং তাৰ পাচত ক্ৰমে ৰ’পৱেৰে ফাঁচীজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব পৰাৰ ব্যৱস্থা, যত এখন বৃহৎ চহৰৰ নিৰ্মাণ কাৰ্যৰ যো-জা চলি আছে, চান্দমাৰীত দেখিব উৰণীয়া সেঁতু, মুঠতে গুৱাহাটী যি কোনো প্ৰান্তত দেখিবলৈ পাব এখন বিপৰীত ছবি ।

যদি ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি অসমৰ ফালে আহিল দেখিবলৈ পাব জখলাবন্ধাত বন্যপ্ৰাণীৰ অহা যোৱাৰ বাবে প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰ নিৰ্মাণ কাৰ্য, কাজিৰঙাত নিৰ্মাণ হৈ থকা ৰেষ্টুৰেন্ট, মিউজিয়াম, আৰু নুমলীগড় অহাৰ লগে লগে দেখিব যে নুমলীগড়ৰ পৰা গহপুৰলৈ ব্ৰহ্মপুত্ৰ নদীৰ গভীৰে দি গহপুৰলৈ আছে প্ৰায় 12 হাজাৰ কোটি টকাৰে নিৰ্মাণ হ'বলৈ গৈ আছে এটা জলপথ, তাৰ অলপ দূৰ আগলৈ গ'লে দেখিবলৈ পাব যোৰহাট আৰু মাজুলী সংযোগী দলংৰ নিৰ্মাণ কাৰ্য, শিৱসাগৰ গ'লে দেখিব চৰাইদেউ চহৰখন অত্যাধুনিকভাৱে নিৰ্মাণৰ দৃশ্য, ডিব্ৰুগড় গ'লে দেখিব বগীবিল দলং, শদিয়ালৈ গ'লে দেখিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেনেধৰণৰ যোগসূত্ৰ।

যাৰ বাবে ৰাহুল গান্ধী আহিলে তেখেতে বুজি পাব যে কংগ্ৰেছৰ শাসনকালত এই কাম-কাজ কিয় নকৰিলে। কাৰণ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পাছচত দিঘলীয়া সময় কংগ্ৰেছ দলে শাসন কৰিছিল। কেৱল মাত্ৰ জাত-পাতৰ ৰাজনীতি কৰি নিজৰ শাসন ভাৰ চলাই আহিছিল কংগ্ৰেছে । কংগ্ৰেছ দলে সংখালঘু লোকসকলক কেৱল মাত্ৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল, কিন্তু সেই ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে কোনো কাম কৰা পৰিলক্ষিত নহ'ল ।

"যদি সঁচা অৰ্থত সংখ্যালঘু লোকৰ বাবে কাম কৰিলেহেঁতেন আজি চৰ অঞ্চলত সেই লোক সকলৰ এনে পৰিস্থিতি নহ'ল হয়। কিন্তু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত মই কৃষি মন্ত্ৰী হৈ আছো আৰু বৰ্তমান সেই চৰ অঞ্চলৰ বসবাস কৰা সংখালঘু লোকসকলে বেছি সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ পৰিপ্ৰেক্ষিতত 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পাচত চুবুৰীয়া ৰাজ্য নহয় বিভিন্ন দেশৰ ৰাষ্ট্ৰসমূহৰ লগত বাণিজ্যিক সম্পৰ্কৰ বাবে দিশ মুকলি হৈছে। গতিকে কংগ্ৰেছ দলে চেষ্টা কৰক, কিন্তু নিৰ্বাচনৰ ফল তেওঁলোকে দেখা নাপায়।" কৃষিমন্ত্ৰীগৰাকীয়ে দলটোক সমালোচনা কৰি এইদৰে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক:বিহুৰ পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নিসংযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details