অসম

assam

ETV Bharat / state

Har Ghar Dastak Drive: সমষ্টিবাসীক প্ৰতিষেধক ল'বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ - Har Ghar Dastak campaign

ক'ভিড টীকাকৰণ ১০০ শতাংশ নিশ্চিত কৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে হৰ ঘৰ দস্তক অভিযান । বোকাখাতত এই অভিযান পৰ্যৱেক্ষণৰ বাবে উপস্থিত মন্ত্ৰী অতুল বৰা (Atul Bora observes Har Ghar Dastak campaign)। মন্ত্ৰীগৰাকীৰ উপস্থিতিত বহু লোকে ল'লে প্ৰতিষেধক ।

Har Ghar Dastak Drive
সমষ্টিবাসীক প্ৰতিষেধক ল'বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

By

Published : Dec 2, 2021, 6:27 PM IST

বোকাখাত,২ ডিচেম্বৰ : দেশত অব্যাহত আছে ক'ভিড-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । ইতিমধ্যে দেশৰ ১২০ কোটিৰো অধিক লোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে । কিন্তু এতিয়াও দেশৰ বহু স্থানত ১০০ শতাংশ টীকাকৰণ হোৱা নাই । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'হৰ ঘৰ দস্তক' শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছে ।

এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মীসকলে প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে এই অভিযান (Har Ghar Dastak drive start in Assam) । এই অভিযান পৰ্যৱেক্ষণ কৰিবলৈ নিজ সমষ্টিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা (Atul Bora observes Har Ghar Dastak campaign) । এই অভিযানৰ অংশ হিচাপে ঘৰে ঘৰে গৈ টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

সমষ্টিবাসীক প্ৰতিষেধক ল'বলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ

ইফালে যিসকলে এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকক এই অভিযানৰ অংশ হিচাপে প্ৰতিষেধক ল'বলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে (Atul Bora asked people to take vaccine)। মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় বহু লোকে তেওঁৰ উপস্থিতিত প্ৰতিষেধক গ্ৰহণ কৰাও দেখা যায় ।

ইয়াৰ পূৰ্বে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত 'হৰ ঘৰ দস্তক' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । য'ত উপস্থিত থাকে মন্ত্ৰীগৰাকী । সমষ্টিটোৰ বহু স্থানত ইতিমধ্যে প্ৰথম পালি প্ৰায় ৯৫ শতাংশ টীকাকৰণ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । কোনো কোনো স্থানত আকৌ টীকাকৰণ ১০০ শতাংশও সম্পূৰ্ণ হৈছে ।

যাৰ বাবে মহকুমা প্ৰশাসন, স্বাস্থ্য কৰ্মী, আশাকৰ্মী আদিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । এই ক্ষেত্ৰত শ্ৰেষ্ঠ সেৱা আগবঢ়োৱাসকলক প্ৰমাণপত্ৰও প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এতিয়ালৈ সমষ্টিটোত ১,১৩,৫৬৩ গৰাকী লোকক দিয়া হৈছে দুয়োটা পালি ক'ভিড প্ৰতিষেধক ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দিছপুৰত আজিৰ তাৰিখত কোনো মন্ত্ৰী-বিধায়ক নাই । সকলো এতিয়া টীকাকৰণ অভিযান সফল কৰিবলৈ ৰাইজৰ মাজলৈ গৈছে ।

লগতে পঢ়ক :Har Ghar Dastak Campaign : ডিব্ৰুগড়ৰ বাগিচা অঞ্চলত ভেকচিন প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন বিমল বৰাৰ

ABOUT THE AUTHOR

...view details