গোলাঘাট, 24 জুন: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ । চাহ বাগিচা উচ্ছেদ বন্ধ কৰা, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা, শোধনাগাৰৰ কাষৰীয়া চাহ জনগোষ্ঠীয় অঞ্চল সমূহৰ উন্নয়ন কৰা আদিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে । দীর্ঘদিনে নুমলীগড় শোধনাগাৰে স্থানীয় লোকসকলক উন্নয়ন আৰু নিয়োগৰ ক্ষেত্ৰত বঞ্চনা কৰি অহাৰ অভিযোগ উঠি আহিছে । থলুৱা লোকক বঞ্চনা কৰি বহিৰাগত লোকক শোধনাগাৰত নিয়োগ কৰি অহাৰো অভিযোগ আছে ।
থলুৱাক বঞ্চনাঃ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰ - নুমলীগড় শোধনাগাৰ
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ ৷ চাহ বাগিচা উচ্ছেদ বন্ধ কৰা, চাহ জনগোষ্ঠীৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলক সাহায্য প্ৰদান কৰা, শোধনাগাৰৰ কাষৰীয়া চাহ জনগোষ্ঠীয় অঞ্চল সমূহৰ উন্নয়ন কৰা আদি ভিন্ন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ।
নুমলীগড় শোধনাগাৰৰ চৌহদত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ইফালে সংগঠনটোৱে শোধনাগাৰৰ সামাজিক পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো স্থানীয় অঞ্চল সমূহক বাদ দি অহাৰ অভিযোগ উত্থাপন কৰিছে । অনাগত সময়ত সংগঠনটোৰ এই সমূহ দাবী মানি নল’লে শোধনাগাৰ অচল কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগতে শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে লেটেকুজান চাহ বাগিচাৰ মাটি অধিগ্ৰহণ নকৰিবলৈ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।