অসম

assam

By

Published : Sep 6, 2022, 2:17 PM IST

ETV Bharat / state

পুৱাই বোকাখাত চাহ বাগিচাত উতপ্ত পৰিস্থিতি

কৰম পূজাৰ বন্ধক লৈ বোকাখাত চাহ বাগিচাত পুৱাই আটছাৰ তীব্ৰ প্ৰতিবাদ(Protest in Bokakhat over Karam Puja holiday) । বাগিছা কৰ্তৃপক্ষৰে বাকযুদ্ধত লিপ্ত হয় আটছা কৰ্মী । আটছাৰ দাবী মানি নোলোৱাত হতাহতিও হোৱা দেখা গ'ল দুয়োপক্ষৰ মাজত ।

attca protest in bokakhat tea garden
পুৱাই বোকাখাত চাহ বাগিচাত উতপ্ত পৰিস্থিতি

বোকাখাত, ৬ ছেপ্তেম্বৰ:আজি চাহ জনগোষ্ঠী লোক সকলৰ পবিত্ৰ কৰম পূজা(Karam Puja of Tea Tribe People) ৷ কৰম পূজাৰ দিনটো ৰাজ্য চৰকাৰে ঘোষণা কৰিলে চৰকাৰে বন্ধ । কিন্তু বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ দৈনিক হাজিৰা কথা কোনো উল্লেখ নকৰিলে চৰকাৰী বন্ধ ঘোষণাত ৷ ইফালে কাম বন্ধ কৰিলে বাগিচা কতৃপক্ষইও চাহ শ্ৰমিকক দৈনিক হাজিৰা নিদিও বুলি অৱগত কৰে ৷

যাৰ বাবে পুৱা কামলৈ বুলি ওলাই আহিল বাগিচাৰ পুৰুষ-মহিলা আৰু তাতেই লাগিল অথন্তৰ(Protest in Bokakhat over Karam Puja holiday) ৷ প্ৰথম অৱস্থাত আটছা আৰু অসম চাহ মজদুৰ সংঘ, বাগিচা শাখাৰ মাজত বাকযুদ্ধৰ লগতে হতাহতিত লিপ্ত হয় ৷ এই বাকযুদ্ধৰ পাছত চৰকাৰী নিয়ম মানি কাম বন্ধ কৰিবৰ বাবে বাগিচা পৰিচালকৰে আটছাৰ কৰ্মী আৰু বাগিচা পৰিচালকৰ মাজত বাকযুদ্ধ লাগে(ATTSA protest on Karam Puja holiday) ৷

পৰিস্থিতি উতপ্ত হৈ পৰে যদিও বাগিচা কৰ্তৃপক্ষৰ হেঁচাত শ্ৰমিকসকলে দৈনিক হাজিৰা নাপালেও কাম নকৰাৰ সিদ্ধান্ত লয় বুলি অভিযোগ উত্থাপন কৰে আটছা কৰ্মীসকলে ৷ ইফালে ৰাজ্য চৰকাৰে কৰম পূজাত চৰকাৰী বন্ধ ঘোষণা কৰি চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰা হৈছে বুলি আটছাই চৰকাৰক গৰিহণা দিয়ে(Allegedly duping tea workers) ৷

আনহাতে বাগিচা পৰিচালকে আজিৰ পৰিৱৰ্তে অন্য এটা দিনত বন্ধ দিয়াৰ ঘোষণা কৰিছিল যদিও সেই দিনটোতো কোনো ধৰণৰ দৈনিক হাজিৰা প্ৰদান নকৰে বুলি মন্তব্য কৰে ৷ বাগিচা সংঘৰ মতে দৈনিক হাজিৰাসহ বন্ধ দিলে সেই বন্ধ মানি ল'ব ৷ কিন্তু হাজিৰা বিহীন বন্ধ তেওঁলোকে কেতিয়াও মানি নলয় ৷ পিছে এই সন্দৰ্ভত চৰকাৰে কিদৰে সমগ্ৰ বিষয়ত হস্তক্ষেপ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:তিনিচুকীয়াত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

...view details