অসম

assam

By

Published : Jun 1, 2021, 10:33 PM IST

ETV Bharat / state

খুমটাইৰ ক’ভিড কেয়াৰ কেন্দ্ৰত আটছাৰ খাদ্য বিতৰণ

খুমটাইত আৰ্তজনৰ কাষত থিয় হৈ বহুজনে দিছে মহানুভৱতাৰ পৰিচয় ৷ তাৰ মাজতে খুমটাইৰ কেইবাখনো বাগিচাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিলে আটছাৰ গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মীয়ে ৷

খুমটাইৰ ক’ভিড কেয়াৰ কেন্দ্ৰত আটছাৰ খাদ্য বিতৰণ
খুমটাইৰ ক’ভিড কেয়াৰ কেন্দ্ৰত আটছাৰ খাদ্য বিতৰণ

গোলাঘাট, 1জুন : ক’ৰণাৰ দ্বিতীয়টো লহৰে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াৱহ ৰূপ । গোলাঘাট জিলাৰ খুমটাইৰ কেইবাখনো বাগিচাৰ অৰ্ধ শতাধিক চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈ থাকিবলগীয়া হৈছে ক’ভিড কেয়াৰ কেন্দ্ৰত ।

খুমটাইত আৰ্তজনৰ কাষত থিয় হৈ বহুজনে দিছে মহানুভৱতাৰ পৰিচয় ৷ তাৰ মাজতে খুমটাইৰ কেইবাখনো বাগিচাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিলে আটছাৰ গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মীয়ে ৷

খুমটাইৰ ক’ভিড কেয়াৰ কেন্দ্ৰত আটছাৰ খাদ্য বিতৰণ

উল্লেখযোগ্য যে, শাঁওতলী, গৰঙা, নতুনমাটি আৰু বৰফলং বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত থকা আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফলমূল, বিস্কুট আদি খাদ্য সামগ্ৰী যোগান ধৰিলে ছাত্ৰনেতা জনে । বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে মাস্ক, চেনিটাইজাৰ বিতৰণ কৰিলে ক’ভিডত আক্ৰান্ত শ্ৰমিক সকলৰ মাজত ।

ক’ভিডৰ জটিল সন্ধিক্ষণত এনেদৰে আৰ্তজনৰ সহায় আগবঢ়াই অনুজ কুৰ্মীয়ে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন ৷ অনুজ কুৰ্মীৰ এই কাৰ্যত সহযোগ আগবঢ়াই স্থানীয় আটছাৰ কৰ্মীসকলে ।

লগতে পঢ়কঃ কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা

ABOUT THE AUTHOR

...view details