অসম

assam

দ্বিতীয়দিনাও প্ৰতিবাদত উত্তাল নুমলীগড়ৰ পোৰাবঙলা

By

Published : Sep 16, 2022, 5:31 PM IST

বিগত কেবাবছৰোধৰি বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীৰ লগতে বাগিচাখন শীঘ্ৰে খোলাৰ দাবী (Demanding reopening of Bogidhola Tea Estate) উত্থাপন কৰে আটছাৰ লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে (ATSA protests in Golaghat) ৷

ATSA protests demanding reopening of Bogidhola Tea Estate in Golaghat
দ্বিতীয়দিনাও প্ৰতিবাদত উত্তাল নুমলীগড়ৰ পোৰাবঙলা

গোলাঘাট, 16 ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ পোৰাবঙলাত শুকুৰবাৰেও প্ৰতিবাদত বহিল আটছাৰ লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ (ATSA protests in Golaghat) ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ। লগতে দলটোৰ বহুকেইজন লোকে ৷

বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাৰ শ্ৰমিকসকলৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীৰ লগতে বাগিচাখন শীঘ্ৰে খোলাৰ দাবী উত্থাপন কৰে আটছাৰ (Assam Tea Tribe Students Association) লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে (Demanding reopening of Bogidhola Tea Estate) ৷ উল্লেখ্য যে, ২০১৭ চনৰ পৰাই মালিক পক্ষই শ্ৰমিকক কৰা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে বগীঢলা চাহ বাগিচাখন (Bogidhola Tea Estate ৷

দ্বিতীয়দিনাও প্ৰতিবাদত উত্তাল নুমলীগড়ৰ পোৰাবঙলা

তাৰ পিছৰ পৰা বহু প্ৰতিবাদ, বহু আলোচনাৰ পিছতো আজি পৰ্যন্ত শ্ৰমিকে ন্যায় নাপালে, খোল নাখালে চাহ বাগিচাখন । ফলত হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে শ্ৰমিকসকলৰ মাজত ৷ আনকি স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰীয়েও আজি পৰ্যন্ত সমাধান কৰিব নোৱাৰিলে বাগিচাখনৰ সমস্যা ৷

এনে পৰিপেক্ষিতত বগীঢলা চাহ বাগিচাৰ ক্ষোভিত শ্ৰমিক ৰাইজে এনে জনপ্ৰতিনিধিক অকমন্য আখ্যা দি নিজৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক:হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details