অসম

assam

By

Published : Oct 17, 2019, 9:30 PM IST

ETV Bharat / state

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা ৷ চৰকাৰক কঠোৰ সকীয়নি ৷

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

গোলাঘাট, 17 অক্টোবৰ:গোলাঘাটত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড (BPCL) আৰু নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৷

মুখ্যমন্ত্ৰী গ' বেক,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ কাম নাই,নুমলীগড় শোধনাগাৰক ৰক্ষা কৰক,তেজ দিম শোধনাগাৰ ব্যক্তিগতকৰণ হ'বলৈ নিদিওঁ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত স্থাপিত হোৱা গোলাঘাটৰ নুমলীগড় শোধনাগাৰক কি কাৰণত কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি দালালৰ হাতত বিক্ৰী কৰিবলৈ ওলাইছে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৱে প্ৰশ্ন কৰে চৰকাৰক ।

অতি শীঘ্ৰে চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰিস্থিতি বিষম হোৱাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details