গোলাঘাট , 28 মে':মঙলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে ৷ গোলাঘাট শালমৰা চাহবাগিচাৰ ম্যাদী কৃষি ভূমি অবৈধ ভাৱে বিক্ৰী কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰা হয় ৷
গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - etv bharat assam
গোলাঘাট শালমৰা চাহবাগিচাৰ ম্যাদী কৃষি ভূমি অবৈধ ভাৱে বিক্ৰী কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰা হয় ৷
বোকাখাত, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ সমিতিৰ সহযোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে এই ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে 'বিজেপি চৰকাৰ হায় হায়' , 'জিলা প্ৰশাসন কাম নাই' , 'শ্ৰম বিভাগ গ' বেক' আদি বিভিন্ন চৰকাৰ বিৰোধী স্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ ইয়াৰোপৰিও তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰি কয় যে, যদিহে চৰকাৰে এনে কুচক্ৰান্ত বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু তাৰ বাবে বৰ্তমানৰ চৰকাৰ জগৰীয়া হ'ব ৷