তিতাবৰ,১০ ছেপ্টেম্বৰ :আঠখেলীয়া নামঘৰৰ বিৰ্তকক (Athkhelia Namghar controversy) লৈ কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদমেল । নতুন পৰিচালনা সমিতি গঠন কৰা কাৰ্যক সম্পূৰ্ণ অবৈধ আৰু অসংবিধানিক আখ্যা দিয়ে কৰ্ণধাৰ সমিতিয়ে (Athkhelia core committee slams Managing Committee)। আনহাতে সংবিধান অনুসৰি অতি শীঘ্ৰেই নতুন পৰিচালনা সমিতি গঠন কৰিব কৰ্ণধাৰ সমিতিয়ে ।
ইফালে পূৰ্বৰ পৰিচালনা সমিতিয়ে ভাড়াতীয়া মানুহ আনি সভা অনুষ্ঠিত কৰাৰ অভিযোগ কৰে কৰ্ণধাৰ সমিতিয়ে (Athkhelia core committee decision)। আনহাতে নামঘৰৰ কৰ্ণধাৰ সমিতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, আদাতলক বিপথে পৰিচালিত কৰা, কাৰ্যালয়ৰ তলা ভঙা, অবৈধভাৱে নামঘৰৰ ছীল-মোহৰ ব্যৱহাৰ কৰা আদি অপৰাধত নামঘৰৰ খেলৰ পৰা সাতজনক বহিষ্কাৰো কৰা হৈছে । আনহাতে সংবাদমেলত ঘোষণা কৰা মতে পৰিচালনা সমিতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব কৰ্ণধাৰ সমিতিয়ে ।