গোলাঘাট, 10 আগষ্ট : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি ৰোধৰ দাবীতপ্ৰতিবাদসাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সোমবাৰে গোলাঘাটৰ মাজমজিয়াত মূল্যবৃদ্ধি(PRICE HIKE)ৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে । বিপাঙত পৰিছে সাধাৰণ ৰাইজ ৷
আনহাতে, কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা আংশিক লক ডাউনৰ ফলতো জুৰুলা হৈছে ৰাজ্যৰ জনসাধাৰণ ৷ যাৰ ফলত অধিকাংশ লোকে হেৰুৱাইছে কৰ্ম সংস্থাপন ৷ ইয়াৰ মাজতে আকৌ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি(PRICE HIKE)য়ে ৰাম টাঙোন শোধাইছে ৰাজ্যবাসীক ৷ পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ লোকৰ ৷