গোলাঘাট, 25 আগষ্টঃৰাজ্যত ক'ভিড- ১৯ ৰ সংহাৰৰ মাজতেই পুনৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিল দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ঠিক একেদৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে গোলাঘাটতো দুটাকৈ সংগঠনে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ ৷
গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট নগৰৰ মাজেৰে বৃহৎ বাইক ৰেলী উলিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই বাইক ৰেলী বাহিৰ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰে এই জনবিৰুধী আইন চৰকাৰক বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷