গোলাঘাট, 12 জানুৱাৰীঃঅসমবাসীৰ বাবে সুখবৰ! অ'লা বা উবেৰ নহয় নহয়, এইবেলি আপুনি যিকোনো যাত্ৰাত ব্যৱহাৰ কৰিব পাৰিব SKBSৰ বাহন ৷ অসমত প্ৰথমবাৰৰ বাবে থলুৱা অসমীয়াই আৰম্ভ কৰিছে 'অনলাইন টেক্সি সেৱা' ৷ গোলাঘাট জিলাৰ গণকপুখুৰীত 10 ডিচেম্বৰত এই 'অনলাইন টেক্সি সেৱা'ৰ মুখ্য কেন্দ্ৰ উদ্বোধন কৰা হয় ৷
গোলাঘাটত আৰম্ভ অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা' - SKBS online taxi service
গোলাঘাটৰ গণকপুখুৰীত আৰম্ভ কৰা হৈছে অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা' ৷ সান্তনু বৰা হৈছে অসমত অনলাইন টেক্সী সেৱা মুকলি কৰা প্ৰথমজন থলুৱা অসমীয়া ৷
সান্তনু বৰা নামৰ যুৱকজনে তেওঁৰ সহযোগীসকলৰ লগত এই 'অনলাইন টেক্সি সেৱা' SKBSৰ আৰম্ভনি কৰিছে ৷ উল্লেখ্য যে, SKBSয়ে সমগ্ৰ ৰাজ্যত প্ৰথম অৱস্থাত 50 হাজাৰ টেক্সি উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে ৷ সমান্তৰালকৈ 10 কিলোমিটাৰৰ ভিতৰত ঘুৰিব পৰাকৈ মটৰ চাইকেলৰ ব্যৱস্থাও কৰা হৈছে ৷ সান্তনু বৰা অসমত অনলাইন টেক্সী সেৱা মুকলি কৰা প্ৰথমজন থলুৱা অসমীয়া ৷ অসম আৰক্ষীৰ চাকৰি বাদ দি এই সেৱাত মনোনিবেশ কৰিছে সান্তনু বৰাই ৷ সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্ৰ শৰ্মাই গোলাঘাটৰ গণকপুখুৰীত SKBS ৰ মুখ্য সেৱা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷
লগতে পঢ়ক - তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৃষিমেলা