সৰুপথাৰ, 16 জুন : কৰ্মই ধৰ্ম । কাম কৰাৰ আগ্ৰহ আৰু ধৈৰ্য্য থাকিলে মানুহে জীৱনত বহুতো উন্নতি সাধন কৰিব পাৰে । মাথো প্ৰয়োজন এটি সুন্দৰ মন আৰু আত্মবিশ্বাসৰ । ভাল কৰ্মই মানুহৰ জীৱনত সুখ আৰু আনন্দৰ আবিৰ সানে । তেনে এজন কৰ্মোদ্যমী যুৱক অমৰ প্ৰাণ চাংমাই ৷ সৰুপথাৰ অঞ্চলৰ প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী গাঁৱৰ বাসিন্দা চাংমাই ৷ উচ্চ শিক্ষাৰে শিক্ষিত যুৱকজনে কাঠফুলা খেতিৰে বজাৰ দখলৰ চেষ্টা কৰিছে ।
নিজ ঘৰৰ প্ৰায় ৪/৫ বিঘা মাটিত ফাৰ্ম বনাই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰিছে কাঠফুলা ৷ কাঠফুলা খেতিৰ বাবে প্ৰয়োজনীয় খেৰ কটা মেচিনকে ধৰি সকলো সামগ্ৰী ঘৰতে গোটাই লৈছে তেওঁ ৷ বৰ্তমান সময়ত অমৰপ্ৰাণ চাংমায়ে তেওঁৰ ফাৰ্মত উৎপাদিত কাঠফুলা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডতো বিক্ৰি কৰে ৷ ইয়াৰ উপৰিও তেওঁৰ কাঠফুলাই স্থানীয় কেইবাখনো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই কাঠফুলা খেতিৰ দ্বাৰা তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু ৯/১০ টা পৰিয়ালৰ লোকক নিয়োগ কৰি নিজ ঘৰুৱা ঠাইতে সংস্থাপন দিবলৈ সক্ষম হৈছে ।