গোলাঘাট, ৩১ মাৰ্চঃ গোলাঘাটৰ শ্ৰদ্ধা বৃদ্ধাশ্ৰমৰ আইতাসকলৰ লগত দেওবাৰৰ দিনটো অতিবাহিত কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয়অভিনেতা উৎপল দাসে । গোলাঘাটৰ জীৱন তামুলী পথস্থিত বৃদ্ধাশ্ৰমত উপস্থিত হৈ অভিনেতা গৰাকীয়ে আইতাসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও গীত-মাতেৰে পৰিৱেশ আমোদজনক কৰি তোলে অভিনেতাগৰাকীয়ে । লগতে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আইতাসকলৰ আশ্ৰমখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বাবে গোলাঘাটবাসীক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায় । যুৱ প্ৰজন্মক পঢ়া-শুনা লগতে সামাজিক কামত আগভাগ ল'বলৈ বৃদ্ধাশ্ৰম পৰাই আহ্বান জনায় উৎপলে । আনহাতে, বৃদ্ধাশ্ৰমৰ আইতাসকলেও আশ্ৰমত জনপ্ৰিয় অভিনেতাগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে ৷
গোলাঘাটৰ শ্ৰদ্ধা বৃদ্ধাশ্ৰমত অভিনেতা উৎপল দাস
নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা আইতাসকলৰ আশ্ৰমখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধান বাবে গোলাঘাটবাসীক আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায় অভিনেতাজনে । যুৱ প্ৰজন্মক পঢ়া-শুনাৰ লগতে সামাজিক কামত আগভাগ ল'বলৈ বৃদ্ধাশ্ৰম পৰাই আহ্বান জনায় উৎপল দাসে ৷
উৎপল দাস
উল্লেখ্য যে, আশ্ৰমৰ আইতা, শিশু সকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে । আশ্ৰমখনৰ সমস্যা সমূহ সমাধানৰ বাবে নিজা ভাবেও প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়৷