বোকাখাত,৮ ছেপ্টেম্বৰ :পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা । এইবাৰ স্থান অন্ধ্ৰপ্ৰদেশ । কাজিৰঙাৰ দিপুল কলিতা নামৰ যুৱকজনক অন্ধ্ৰপ্ৰদেশত নৃশংসভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই । কেৱল হত্যা কৰাই নহয় যুৱকজনৰ বিভিন্ন অংগও কাটি লৈ যায় দুৰ্বৃত্তই (Assam youth body organ chopped off by killers)। এই নৃশংস কাণ্ডক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।
উল্লেখ্য যে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ গেলেকি মিকিৰ গাঁৱৰ নিৰেন কলিতা আৰু কুঞ্জ কলিতাৰ পুত্ৰ দিপুল কলিতা । ২৭ বছৰীয়া দিপুল কলিতা আৰু স্থানীয় চাৰিজন যুৱকে যোৱা ১০ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰালৈ কোম্পানীত কাম বিচাৰি ওলাই গৈছিল । বিজয়ৱাৰাত ৰে'লেৰে উপস্থিত হোৱাৰ পাছতেই লগৰ চাৰিজন যুৱক হঠাৎ নিৰুদ্দেশ হৈ পৰে । আনহাতে বিজয়ৱাৰাত অকলশৰীয়া হৈ পৰা দিপুল কলিতাও কেইঘণ্টামানৰ পাছতে সন্ধানহীন হয় ।
পৰিয়ালৰ লোকে বহুবাৰ ফোন কৰিও দিপুলৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম নহ'ল । ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ১৪ দিনৰ অন্তত যোৱা ২৪ আগষ্টত বিজয়ৱাৰাৰ পৰা কিছু নিলগত দিপুল কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয় (Assam youth Half decomposed body found in AP)। ইফালে অৰ্ধগলিত মৃতদেহটো পৰীক্ষাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । হত্যাকাৰীয়ে নৃশংসভাৱে দিপুল কলিতাৰ বৃক্ক, চকু, নাক, কাণ আদি কাটি লৈ গৈছিল ।
এই খবৰ পোৱাৰ পাছতে দিপুলৰ পৰিয়ালৰ লোক বিজয়ৱাৰাত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে আৰু এই নৃশংস হত্যাকাণ্ডত কোনো মানৱ দেহৰ অংগৰ চোৰাং ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰে । ইফালে বিজয়ৱাৰাত কোনো এক স্থানত দিপুলক খুঁটাত ৰছীৰে বান্ধি অত্যাচাৰ চলাই থকাৰো এখন ফটো লাভ কৰিছে পৰিয়ালৰ লোকে ।