বোকাখাত, 15 নৱেম্বৰ :দুদিনীয়া কাৰ্যসূচীৰে যোৱা 14 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ গোলাঘাট জিলাৰ বোকাখাতত আৰম্ভ হৈছে অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম ৷ জিলাখনৰ তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 ৷
এই সাংস্কৃতিক অনুষ্ঠানৰ একক শিতানত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত কৰা হৈছে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আৰম্ভ কৰা হৈছে এই সাংস্কৃতিক প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ বাবে বয়সৰ ক্ষেত্ৰত তিনিটা শাখা ভাগ কৰা হৈছে ৷ 12-18 বছৰলৈ, 19 ৰ পৰা 24 বছৰলৈ আৰু 25 ৰ পৰা 35 বছৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ ইতিমধ্যে বোকাখাত পৌৰসভা এলেকাৰ 208 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷
তথ্য অনুসৰি, অহা 1 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। আনহাতে 2024 চনৰ 2 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব।