সৰুপথাৰ, ১০ জুন :দীৰ্ঘদিন ধৰি নিৰ্মাণ নহ'ল অসম-নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথ । বাৰিষা অহাৰ লগে লগে এতিয়া পুনৰ চিন্তাত অঞ্চলটোৰ ৰাইজ । ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে । ৰেংমা নদীৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ বৰদণ্ডী, হাতীডুবি অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে ।
বাৰিষাৰ সময়ছোৱাত নদীখনৰ বাঢ়নী পানীয়ে ফেনে-ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত বিশেষকৈ উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি এটা ভাঙি গৈছিল । ফলত কেইবাবছৰ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ আছে সমগ্ৰ অঞ্চলটো । বৰ্তমানেও উক্ত পথটোৱেদি কোনো যান বাহন চলাচল কৰিব পৰা নাই ।