গোলাঘাট, 8 মে’ : অসমৰ মাটিত বেদখল অব্যাহত ৰাখিছে নগাই । মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন । ভুক্তভোগীৰ অভিযোগ তথা সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে অসম প্ৰশাসন তথা সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে ৷ সীমান্তত স্থিতাৱস্থা উলংঘন নাগালেণ্ডৰ ৷ অসম প্ৰশাসন, চি আৰ পি এফৰ ভূমিকাত ক্ষুণ্ণ হৈ উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে ।
মেৰাপানীৰ অসম নাগালেণ্ডৰ সীমান্তৰ ডি চেক্টৰত অব্যাহত আছে নগাৰ আগ্ৰাসন (Assam Nagaland border dispute) । মেৰাপানীৰ গড়বস্তিত হাবি কাটি গছপুলি ৰোপণেৰে ভূমি বেদখলৰ চেষ্টা কৰিছে একাংশ নগা দুবৃৰ্ত্তই । যোৱা ৬ মে'ত এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনী গড়বস্তিত উপস্থিত হৈছিল যদিও ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ আঁতৰত অৱস্থান কৰি ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিয়েই দায়িত্ব সামৰে (Naga terror on The Land of Assam) ।