গোলাঘাট, ৩১ মেঃ ধনশিৰি মহকুমাৰ গেলাবিল ৰেংমাগ্ৰান্টত আয়োজন মহাপুৰুষীয়া মহিলা ভাওনাৰ । কৃষ্ণাৰ্জুনকে ধৰি বিভিন্ন চৰিত্ৰত মহিলাৰ অভিনয়ে মোহিব সকলোকে ।
গোলাঘাটৰ গেলাবিল ৰেংমাগ্ৰান্টত অহা ১ জুনত প্ৰদৰ্শন হবলগীয়া "দ্ৰুণ পৰ্ৱ"নামৰ ভাওনা খনক লৈ ৰেংমাগ্ৰান্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত এতিয়া প্ৰত্যেক নিশাই চলিছে আখৰা । পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিবলৈ সুযোগ পোৱাত উৎফুল্লিত হৈ পৰিছে মহিলা সকল । এফালে গায়ন-বায়ণ আনফালে মহিলা সকলৰ সুন্দৰ অভিনয় ।