সৰুপথাৰ, 26 জুলাই :সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো এটাই আশা ৷ জয়ৰ খিতাপ আঁজুৰি আনিব অসমৰ লাভলীনাই ৷ এই আশাৰেই এতিয়া বাট চাই ৰৈছে সমূহ অসমবাসী ৷ সৰুপথাৰত দেৱাল অংকনেৰে সৰুপথাৰ মহাবিদ্যলয়ৰ ছাত্ৰ একতা সভাই লাভলীনালৈ উৎসাহ আৰু শুভেচ্ছা জনোৱাৰ লগতে লাভলীনাৰ ছবিৰে ভৰাই তুলিছে ধনশিৰিৰ চৌদিশ ৷
লাভলীনা জয়ী হোৱাৰ আশাত অসম উল্লেখ্য যে, আৰু মাত্ৰ কেইটামান ঘন্টাৰ পিছতেই অলিম্পিক বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই ৷ ধনশিৰিৰ সকলোৱে লাভলীনালৈ জনাইছে আশীৰ্বাদ আৰু শুভকামনা । সকলোৰে মাত্ৰ এটাই আশা জিলিকিব ধনশিৰি ।
বিভিন্ন দল-সংগঠনে খেলুৱৈ গৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী । মহকুমাটোৰ সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত চলিল দেৱাল অংকন । অন্যসকলৰ লগতে সৰুপথাৰ ছাত্ৰ একতা সভাও আশাবাদী ৷ তেওঁলোকৰ আশা জিলিকিব ধনশিৰি মহকুমাৰ লগতে অসম ।
লগতে পঢ়ক:Tokyo Olympics : প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত লাভলীনা
ইতিমধ্যেই বক্সাৰ গৰাকীক উৎসাহ জনোৱা উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজা অৰ্চনাৰ উপৰিও ভিন্ন কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে । ইফালে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই লাভলীনা বৰগোঁহাই টকীঅ'ত থকা অৱস্থাত সৰুপথাৰ বা বৰপথাৰত এটা বক্সিং ৰিঙৰ ব্যৱস্থাৰ দাবী জনাইছে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীৰ ওচৰত।
এইবাৰৰ অলিম্পিকত যাতে লাভলীনাই পদক অৰ্জন কৰি ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে লাভলীনালৈ প্ৰতিজন অসমবাসীয়ে জনাইছে আশীৰ্বাদ আৰু শুভকামনা । অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পিছত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ ।
টকিঅ'ৰ অলিম্পিক গেমছলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ সম্পূৰ্ণৰূপে সাজু অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই । ইতিমধ্যে টকিঅ'ৰ পৰা আহিছে এটি ভাল খবৰ । লাভলীনাই প্ৰথম খেলৰ পৰা ৱাক অভাৰ পাই প্ৰি-কোৱাৰ্টাৰলৈ উন্নীত হৈছে । এই উপলক্ষে লাভলীনা বৰগোঁহাইৰ গৃহ চহৰ বৰপথাৰ আৰু সৰুপথাৰৰ কেইবা ঠাইৰ দেৱালত লাভলীনা বৰগোঁহাইৰ ফটো অংকন কৰি শুভেচ্ছা জ্ঞাপন কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৷ আছুৱে লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই লিখে "আমি আশাবাদী, জিলিকিব ধনশিৰি ৷"
লগতে পঢ়ক:হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে