গোলাঘাট, 5 জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ ৷ 2020 বৰ্ষৰ পৰা প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা ৷ পৰিৱেশ সজাগতাৰ ওপৰত আগবঢ়োৱা অৰিহণাৰ বাবে একোটা অনুষ্ঠান আৰু এগৰাকীকৈ ব্যক্তিক বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব এই বঁটা ৷ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱসৰ মুকলি সভাত এই ঘোষণা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ । লগতে ৰাজ্যৰ প্ৰতিটো মহকুমাৰ বিজ্ঞান শাখা থকা মহাবিদ্যালয়সমূহত পৰিৱেশ আৰু জলবায়ু কোষ গঠন কৰিবলৈ ৰাজ্য চৰকাৰে অনুদান আগবঢ়াব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত গোলাঘাট দেৱৰাজ ৰয় কলেজত অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱসৰ এই কাৰ্যসূচীতমন্ত্ৰী অতুল বৰা উপস্থিত থাকি পৰিৱেশ সম্পৰ্কে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায় তেওঁ ৷
2020ৰ পৰা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা - world environmental day
পৰিৱেশ সজাগতাৰ ওপৰত আগবঢ়োৱা অৰিহণাৰ বাবে একোটা অনুষ্ঠান আৰু এগৰাকীকৈ ব্যক্তিক বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা ৷ লগতে ৰাজ্যৰ প্ৰতিটো মহকুমাৰ বিজ্ঞান শাখা থকা মহাবিদ্যালয়সমূহত গঠন কৰা হ'ব পৰিৱেশ আৰু জলবায়ু কোষ ৷
![2020ৰ পৰা প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3479774-thumbnail-3x2-bnlm.jpg)
পৰিৱেশ দিৱসত প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা
পৰিৱেশ দিৱসত প্ৰদান কৰা হ'ব "পৰিৱেশ মিত্ৰ" বঁটা