অসম

assam

ETV Bharat / state

অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত উত্তেজিত গোলাঘাট

শনিবাৰে নিশা গোলাঘাটৰ শ্ৰীমন্ত নগৰত 4 জন অচিনাক্ত ব্যক্তি অঞ্চলটোত প্ৰৱেশ কৰাৰ ফলত সৃষ্টি হয় উত্তেজনা। স্থানীয় লোক আৰু আৰক্ষীৰ অভিযানৰ পূৰ্বে পলাই সাৰিল অচিনাক্ত লোককেইজন ।

By

Published : Apr 7, 2019, 12:08 PM IST

অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত উত্তেজিত গোলাঘাট

গোলাঘাট, 7 এপ্ৰিলঃ গোলাঘাটত নিশা উত্তেজনাময় পৰিস্থিতি। গোলাঘাটৰ শ্ৰীমন্ত নগৰৰ এঘৰ মানুহৰ ঘৰত চাৰিজন অচিনাক্ত লোক প্ৰৱেশ কৰি গোপনে পলাই যোৱাৰ পিচতেই অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলটোৰ এখন কাঠনিত দলটো প্ৰৱেশ কৰাৰ সন্দেহ কৰি স্থানীয় ৰাইজ আৰু গোলাঘাট আৰক্ষীয়ে অভিযান চলাই যদিও অন্ধকাৰৰ সুযোগ লৈ দলটো পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । একাংশ ৰাইজৰ সন্দেহ চাৰিজনীয়া মানুহৰ দলটো ডকাইতৰ দল বা নিৰ্বাচনৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে সাধাৰণ মানুহৰ মাজত সন্ত্ৰাস বিয়পাবলৈ উদ্দেশ্যে অহা দল ৷

অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত উত্তেজিত গোলাঘাট

ABOUT THE AUTHOR

...view details