গোলাঘাট, 8 এপ্ৰিলঃ "11 এপ্ৰিলৰ আগতে যদি কোনোবাই বিজেপি দলত যোগদান কৰিম বুলি ভাবিছে তেন্তে সোনকালেই যোগদান কৰক, অন্যথা কুম্ভকৰ্ণৰ দৰে শুই থাকক। কংগ্ৰেছে লুঙী, ধূতীৰ ৰাজনীতি কৰিছিল, বিজেপিয়ে সোণৰ ৰাজনীতি কৰিছে"- এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণ শক্তি অসম, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চই সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত অংশগ্ৰহণ কৰি অসমত ভৱিষ্যত সময়ত নৱ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰৰ আহ্বান জনায় ৷
গোলাঘাটত মণিমাধৱ মহন্তৰ হৈ বিজেপিৰ বিজয় সংকল্প সমাৰোহ
11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণ শক্তি অসম, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চই সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত অংশগ্ৰহণ কৰি অসমত ভৱিষ্যত সময়ত নৱ প্ৰজন্মৰ বাবে এখন ভাল চৰকাৰৰ আহ্বান জনায় ৷
1952 চনৰ পৰায়ে কংগ্ৰেছক ৰাইজে শাসন ভাৰ দি আহিছে। কিন্তু অসম, ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত কোনো দৃষ্টান্ত মূলক কাম নকৰিলে কংগ্ৰেছে । যাৰবাবে 2014 চনত ভাৰতৰ জনতায়ে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে নৰেন্দ্ৰ মোদীক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিচতেই প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক পোন্ধৰ দিনৰ মূৰে মূৰে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব দিছিল । নিজ নিজ বিভাগৰ দায়িত্ব লৈ পাঁচ বছৰতে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ এক ধাৰালৈ আনিলে বিজেপিয়ে ৷ সভাত এই কথা উনুকিয়াই প্ৰাৰ্থী গৰাকীৰ বাবে ভোট আহ্বান কৰে ৷
উক্ত সভাত মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু মন্ত্ৰী অতুল বৰাৰ লগতে বহু নেতা উপস্থিত থাকে ৷