গোলাঘাট,8 আগষ্টঃ গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথত গজৰাজৰ সমদল। নিশা হ'লেই গঞাৰ নিদ্ৰা হৰণ কৰে বন্যহস্তীৰ দলে ৷ প্ৰায় 70 -80টা হাতীৰ এটা জাকে গোলাঘাট দেওপাহাৰৰ মাজেৰে যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হৈ দেওপাহাৰত প্ৰৱেশ কৰিছে ৷ এই হাতীৰ বৃহৎ জাকটোত কেবাটাও পোৱালীও আছে ৷ ইফালে নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাৰ কাষত অৱস্থান কৰি থকা পোৱালিসহ বৃহৎ হাতীৰ জাকটোৱে নিশা হ'লেই কাষৰ গাওঁ সমূহত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰে।
গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ - অসম
নিশা হ'লেই গঞাৰ নিদ্ৰা হৰণ কৰে বন্যহস্তীৰ দলে ৷ 70 -80টা হাতীৰ জাকৰ দিন দুপৰতে বিচৰণ ৷
http://10.10.50.80:6060///finalout3/assam-nle/finalout/08-August-2019/4077361_elephant_terror_video.mp4
ইফালে হাতীৰ জাকটোৱে বিচৰণ কৰি থকাৰ বাবে দিন দুপৰতে দৈনিক বজাৰ সমাৰ কৰিবলৈ অহা যোৱা কৰাৰ লগতে ঘৰৰ পৰা ওলাবলৈ ভয় খাইছে জনসাধাৰণ । বিপৰীতে বকিয়াল খণ্ড বন বিষয়াৰ দলে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্যে যে দীর্ঘদিনধৰি গোলাঘাটৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ-বাৰী ভাঙি তহিলং কৰি আহিছে ৷