গোলাঘাট, 1 এপ্ৰিলঃ সোমবাৰে ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ খুমটাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়িকা আঙুৰলতা ডেকা, জিলা অগপৰ সভাপতি পবন শইকীয়া , জিলা বিজেপিৰ সভাপতি দেৱজিত বৰা , অগপৰ নেত্ৰী উপাসনা গগৈয়ে।
খুমটাই বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জনসভা অগপ বিজেপি সন্মিলিত গণশক্তি মিত্ৰজোটে খুমটাই সমষ্টিত সোমবাৰে এখন বৃহৎ নিৰ্বাচনী সভাৰ আয়োজন কৰে৷ এই সভাত আদৰনি ভাষন দিয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই। এই সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই নিজ ভাষণত নৰেন্দ্ৰ মোডী আৰু মনমোহন সিঙে অসমৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ তূলনা কৰিবলৈ পৰামৰ্শ দিয়ে।
জাতি জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তবায়িত কৰিবৰ বাবে মণি মাধৱ মহন্তক হাতীৰ ছৱিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ ২০১৬ চনত শপত গ্ৰহণ কৰোতে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰ কৰাৰ কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিছে বুলিও সোণোৱালে মন্তব্য কৰে।
এই সভাত বিৰোধী পক্ষক কটাক্ষ কৰি কংগ্ৰেছ দলটো নীতি আৰু নেতা নোহোৱা দল গতিকে এই দলটোক মনৰ পৰা আতৰাই গৌৰৱ গগৈক পৰাজিত কৰি মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ আহবান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।