অসম

assam

ETV Bharat / state

ধনৰ বিনিময়ত মোৰ ল'ৰাটোক মঞ্চই মঞ্চই ঢোল বজাবলৈ নিয়া নাইঃ বিপিন চাওদাং - গোলাঘাট

উল্লেখ্য যে সন্তানক বিহু মঞ্চত ঢোল বাদনৰ বাবে অনাৰ ফলত একাংশ সাংবাদিকে সন্তানক পইচা ঘটিবলৈ অনা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংবাদিকক মুধা ফুটা সাংবাদিক আখ্যা দিয়ে বিপিন চাওদাঙে

ধনৰ বিনিময়ত মোৰ ল'ৰাটোক মঞ্চই মঞ্চই ঢোল বজাবলৈ নিয়া নাইঃ বিপিন চাওদাং

By

Published : May 10, 2019, 4:16 PM IST


গোলাঘাট, 10 মেঃ অৱশেষত সন্তানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে গায়ক বিপিন চাওদাঙে৷ "মোৰ সৰু ল'ৰাটোক কষ্ট দিব নেলাগে এই কথা মই জানো ৷ অসমীয়াৰ সংস্কৃতি ঢোল বাদ্য শিকাবলৈ চেষ্টা কৰিছো মোৰ ল'ৰাটোক৷ কিন্তু মুধা ফুটা সাংবাদিকে সমালোচনা কৰে । কোনো ধনৰ বিনিময়ত মোৰ ল'ৰাটোক মঞ্চই মঞ্চই ঢোল বজাবলৈ নিয়া নাই ।" গোলাঘাটৰ জোনাকী নগৰ বিহু সন্মিলনত বৃহস্পতিবাৰে নিশা গীত পৰিবেশনৰ মাজতে এই মন্তব্য কৰে বিপিন চাওদাঙে৷

ধনৰ বিনিময়ত মোৰ ল'ৰাটোক মঞ্চই মঞ্চই ঢোল বজাবলৈ নিয়া নাইঃ বিপিন চাওদাং

উল্লেখ্য যে সন্তানক বিহু মঞ্চত ঢোল বাদনৰ বাবে অনাৰ ফলত একাংশ সাংবাদিকে সন্তানক পইচা ঘটিবলৈ অনা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংবাদিকক মুধা ফুটা সাংবাদিক আখ্যা দিয়ে গায়কজনে৷ টকাৰ বাবে নহয় ঢোল বাদনৰ দ্বাৰা অসমীয়া সংস্কৃতিটো ধৰি ৰখাৰ প্ৰচেষ্টাৰেহে সন্তানক বিহু মঞ্চত লৈ অহা বুলি মন্তব্য গায়কজনৰ৷

ABOUT THE AUTHOR

...view details