অসম

assam

ETV Bharat / state

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া! - জিলা বন বিষয়া

প্ৰধানমন্ত্ৰী আৱাসগৃহৰ পৰা বঞ্চিত গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৰ সাতখনকৈ পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক হিতাধিকাৰী ৷ গোলাঘাট জিলা বন বিষয়াই জাৰি কৰা এক নিৰ্দেশনাৰ পাচতেই বঞ্চিত হ'বলগীয়া হয় হিতাধিকাৰীসকল ৷

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া

By

Published : Aug 9, 2019, 2:44 PM IST

Updated : Aug 9, 2019, 3:28 PM IST

সৰুপথাৰ, 9 আগষ্ট : বিগত 6 আগষ্টত মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা( গ্ৰামীণ) ৰ অধীনত ৰাজ্যত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত 2022 চনৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেকটো দুখীয়া পৰিয়াললৈ আৱাসগৃহ প্ৰদানৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু চৰকাৰৰ এই অভিলাষী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৰ সাতখনকৈ পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক হিতাধিকাৰী ৷

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া

প্ৰাপ্ত তথ্য অনুসৰি, গোলাঘাট জিলা বন বিষয়াই '1980 চনৰ বন আইন' অনুসৰি অসম-নাগালেণ্ড সীমান্তৰ বনাঞ্চলৰ ভূমিত কোনোধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব বুলি এক নিৰ্দেশ প্ৰদান কৰে ৷ যাৰ ফলত সীমান্তৰ বনাঞ্চলত বছৰৰ পাচত বছৰ ধৰি বসবাস কৰি অহা দ্ৰৰিদ্ৰ হিতাধিকাৰীয়ে 2019-2020 PMAY ( গ্ৰামীণ) আৱাসগৃহৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷ ইপিনে, অসমৰ বনাঞ্চলৰ ভূমি বেদখল কৰি অট্টালিকা সজা নগা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বনবিভাগৰ ৷ স্থানীয় ৰাইজৰ দাবী বন বিভাগে শীঘ্ৰে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰক ৷

Last Updated : Aug 9, 2019, 3:28 PM IST

ABOUT THE AUTHOR

...view details