অসম

assam

ETV Bharat / state

লক ডাউনঃ কেতিয়া কাৰ্যকৰী হ'ব মন্ত্ৰী অতুল বৰাৰ কৃষি আঁচনি - কেতিয়া কাৰ্যকৰী হব মন্ত্ৰী অতুল বৰাৰ কৃষি আঁচনি

গছৰ ফচল গছতেই পকী আছে ৷ ছিঙি থোৱা বিলাহীa দম বান্ধিছে আৰু গছতে গেলি গৈছে ৷ কুইণ্টলে কুইণ্টলে ৰঙালাও গেলিবলৈ ধৰিছে ৷ কপালৰ ঘাম মাটিত পেলাই কৰা ফচলৰ এনে দুৰৱস্থাৰ ফলত লাখ লাখ টকাৰ ক্ষতি হৈছে কৃষকসকলৰ ৷

গছৰ ফচল গছতেই পকীছে
গছৰ ফচল গছতেই পকীছে

By

Published : Apr 6, 2020, 11:02 AM IST

Updated : Apr 6, 2020, 3:24 PM IST

গোলাঘাট, 6 এপ্ৰিল :চলিত মাহৰ প্ৰথম সপ্তাহ পাৰ হোৱাৰ উপক্ৰম হ'ল যদিও বৰ্তমানো কাৰ্যকৰী হোৱা নাই মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ কৃষক সকলৰ বাবে ঘোষণা কৰা কোনো আঁচনি ৷ চৰকাৰৰ বিশেষ বাহনেৰে কৃষকসকলৰ পাচলিসমূহ হাটলৈ অনাৰ লগতে কৃষকসকলৰ একাউন্টত 2500 টকা দিয়া হ'ব বুলি মন্ত্ৰী অতুল বৰাই লক ডাউনৰ পাছতে ঘোষণা কৰিছিল যদিও আজিকোপতি এই সুবিধা কাৰ্যকৰী নোহোৱাৰ ফলত বিপদত পৰিছে ৰাজ্যৰ খেতিয়ক সকল ৷

গোলাঘাট

ইয়াৰোপৰি ৰাজ্যৰ কৃষকক অন্য স্থানলৈ আহি পাচলি বিক্ৰী কৰিবলৈ একোখনকৈ পাছ প্ৰদানৰ ঘোষণা কৰিছিল মন্ত্ৰী বৰাই ৷ পাছখন থিকেই প্ৰদান কৰা হ'ল যদিও এই ক্ষেত্ৰটো অগ্ৰাধিকাৰ দিয়া নহ'ল গ্ৰাম্যাঞ্চলৰ কৃষকসকলক ৷ ফলত সৰ্বস্বান্ত হৈ পৰিছে গোলাঘাটৰ শগুণপাৰা অঞ্চলৰ একাংশ কৃষক ৷ এলেকাটোৰ ৯৯ শতাংশ লোকেই কৃষিজিৱী ৷ অঞ্চলটোৰ ব্ৰজেন চুতীয়াই বিঘা বিঘা বিলাহী, ষ্ট্ৰ'বেৰী,ৰঙালাও, বন্ধাকবিৰ খেতি কৰিছিল ৷

গোলাঘাট কৃষক

লকডাউন সময়ছোৱাত প্ৰথমে জিলাখনত প্ৰশাসনে শাক-পাছলি বিক্ৰীৰ অনুমতি দিছিল যদিও ৰাজ্যত কৰ'ণা পজিটিভ লোকৰ সংখ্যা বৃদ্ধি হোৱাত প্ৰশাসনে সকলো ব্যৱস্থা বন্ধ কৰিলে ফলত অন্যান্য কৃষকৰ লগতে ব্ৰজেন চুতীয়ায়ো এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ৷ গছৰ ফচল গছতেই পকী আছে ৷ ছিঙি থোৱা বিলাহীও দম বান্ধিছে আৰু গছতে গেলি গৈছে ৷ কুইণ্টলে কুইণ্টলে ৰঙালাও গেলিবলৈ ধৰিছে ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা ফচলৰ এনে দুৰৱস্থাৰ ফলত লাখ লাখ টকাৰ ক্ষতি হৈছে কৃষকসকলৰ ৷ কৃষিমন্ত্ৰী অতুল বৰাই কৃষকক পথাৰলৈ যাবলৈ দিছে যদিও উৎপাদিত ফচল বিক্ৰীৰ বাবে মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা হাতত লৈছে সেয়াই এতিয়া ৰাজ্যৰ প্ৰতিজন কৃষকৰ প্ৰশ্ন ৷

Last Updated : Apr 6, 2020, 3:24 PM IST

ABOUT THE AUTHOR

...view details