গোলাঘাট,3 ডিচেম্বৰ: গোলাঘাটত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক(মিটাৰ ৰিডাৰ কৰ্মী) সন্থাৰ প্ৰতিবাদ । অসম শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণৰ দাবীত অসহযোগ আন্দোলন। ৮ ডিচেম্বৰলৈকে কৰ্ম বিৰতিৰে অসহযোগ আন্দোলনত বহিল ঠিকাভিত্তিক মিটাৰ ৰিডাৰ কৰ্মীসকল। চাকৰি নিয়মীয়াকৰণৰ উপৰিও ১১ দফীয়া দাবী পূৰণৰ আহ্বান । দাবী সমূহ পূৰ্ণ নকৰিলে গুৱাহাটী বিজুলী ভৱনৰ সন্মুখত অমৰণ অনশনত বহাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। প্ৰতিকাৰীসকলে উত্থাপন কৰা দাবী সমূহ হৈছে চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত থকা সকলো অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰণ কৰা । অস্থায়ী কৰ্মীৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা । লগতে মেট্ৰিকৰ তলৰ BC/MR/BD সকলক ৪ৰ্থ বৰ্গৰ যিকোনো পদত স্থায়ী মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰা। ইতিমধ্যে বকেয়া হৈ থকা পাৰিশ্ৰমিক সম্পূৰ্ণভাৱে আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা। আনহাতে বিনা পাৰিশ্ৰমিকেৰে কামত লগোৱা বন্ধ কৰা আৰু যধে মধে অস্থায়ী কৰ্মীৰ নিযুক্তি বন্ধ কৰা ।
লগতে পঢ়ক:ডবকাত একাংশ ৰাইজৰ উত্তাল প্ৰতিবাদ