অসম

assam

By

Published : Jun 5, 2019, 12:36 PM IST

Updated : Jun 5, 2019, 2:55 PM IST

ETV Bharat / state

বাগৰিত আটক গঁড় চিকাৰী

উলুৱনী আৰক্ষী চকীত গঁড় চিকাৰীজনক জেৰা আৰক্ষীৰ

বাগৰিত আটক গঁড় চিকাৰী

কলিয়াবৰ, 5 জুনঃ বিগত ১৩ মে' ত বন বিভাগৰ জিম্মাৰ পৰা পলায়ন কৰা গঁড় চিকাৰী আখতাৰ আলিক কলিয়াবৰত আৰক্ষীৰ তৎপৰতাত পুনৰ আটক কৰিবলৈ সক্ষম হয়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ৪ জুনৰ নিশা আৰক্ষীয়ে পুনৰ আটক কৰে চিকাৰীজনক।

বাগৰিত আটক গঁড় চিকাৰী

কলিয়াবৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যুটীয়া অভিযানত বিগত ৯ মে'ত আখতাৰ আলিয়ে কাজিৰঙাৰ বাগৰি স্থিত বন বিভাগৰ পশ্চিম ৰেঞ্জৰ জিম্মাৰ পৰা পলায়ন কৰিছিল। ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত ভলুকাজান বন শিবিৰত গঁড় নিধনত জড়িত আছিল চিকাৰীজন।

উল্লেখ্য যে ২০১৬ চনত উচ্ছেদ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান্দৰডুবিৰ বাসিন্দা আছিল আখতাৰ আলি। শেহতীয়াকৈ ২৭ বছৰীয়া আখতাৰ আলি জখলাবন্ধাৰ গৰুবন্ধাৰ নিবাসী আছিল।

Last Updated : Jun 5, 2019, 2:55 PM IST

ABOUT THE AUTHOR

...view details