খুমটাই, 7 ডিচেম্বৰ:2021 ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ আহিছে প্ৰতিটো ৰাজনৈতিক দলৰ কুচকাৱাজ ৷ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত নতুন দলৰ আৱিৰ্ভাৱৰ মাজতে এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহত যোগদান প্ৰক্ৰিয়া ৷ এইসমূহৰ মাজতে এতিয়া গোলাঘাটত অগপৰ অস্তিত্বক লৈ সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্নবোধকৰ ৷ বোকাখাটত অগপ (অসম গণ পৰিষদ) ই নিৰ্বাচনী ৰণশিঙা বজোৱাৰ বিপৰীতে খুমটাইত ঢোলে ডগৰে অগপৰ বহু নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে এজেপি (অসম জাতীয় পৰিষদ) ত যোগদান কৰে ৷
গোলাঘাট গণকপুখুৰীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৱন শইকীয়াৰ লগতে অগপ ত্যাগ কৰা বহু নেতা কৰ্মীয়ে এজেপিত যোগদান কৰে ৷ এজেপিৰ বিশাল যোগদান সমাৰোহত উপস্থিত থাকি পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনে শেহতীয়াকৈ আছু (সদৌ অসম ছাত্ৰ সন্থা) ত্যাগ কৰা লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদত যোগদান কৰাৰ বাবে আহ্বান জনায় ৷