অসম

assam

ETV Bharat / state

গোলাঘাটত নিজ প্ৰাপ্যৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদ - প্ৰতিবাদ

বুধবাৰে গোলাঘাটৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ ৷ আন কৰ্মচাৰীৰ দৰে আশাকৰ্মীসকলকো নিযুক্তি পত্ৰ প্ৰদান আৰু আন বহু প্ৰাপ্যৰ দাবীৰে প্ৰতিবাদ সাব্য়স্ত কৰে আশাকৰ্মীসকলে ৷

asha workers protest
আশাকৰ্মীৰ প্ৰতিবাদ

By

Published : Jan 20, 2021, 4:55 PM IST

গোলাঘাট,20 জানুৱাৰী :গোলাঘাটত বুধবাৰে আশাকৰ্মীয়ে কঁপালে ৰাজপথ ৷ নিজৰ প্ৰাপ্যৰ দাবীৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মীসকলে ৷

আশাকৰ্মীৰ প্ৰতিবাদ

শীঘ্ৰেই চৰকাৰক 6 টা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনাই বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলা পৰিলক্ষিত হয় । NHMৰ আন আন কৰ্মচাৰীৰ দৰে আশাকৰ্মীসকলকো নিযুক্তি পত্ৰ প্ৰদান কৰক, আশাকৰ্মীসকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰক, অসম চৰকাৰে ঘোষণা কৰা 2013 চনৰ পৰা 2017 চনলৈকে বকেয়া ধন দিয়াৰ ব্যৱস্থা কৰক ইত্যাদি ভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আশাকৰ্মীসকলে ৷

লগতে পঢ়ক :আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান

ABOUT THE AUTHOR

...view details