অসম

assam

ETV Bharat / state

কছুপথাৰত প্ৰিয় খাদ্য বিচাৰি গজৰাজৰ দল

গোলাঘাটৰ খুমটাইত প্ৰতিবছৰে প্ৰিয় খাদ্যৰ সন্ধানত এনেদৰে ধনশিৰী নদী পাৰ হৈ বন্যহস্তীৰ জাক ।

খুমটাইৰ কছুপথাৰত বিচৰণ এজাক বন্যহস্তীৰ

By

Published : Jun 10, 2019, 11:59 AM IST

Updated : Jun 10, 2019, 12:05 PM IST

গোলাঘাট,১০ জুনঃ গোলাঘাটৰ খুমটাই কছুপথাৰত জাক জাক বন্যহস্তীৰ বিচৰণ । প্ৰতিবছৰে খুমটাই অঞ্চললৈ আহে বন্যহস্তীৰ বৃহৎ জাক। ধনশিৰী নদী পাৰ হৈ খুমটাই কছুপথাৰলৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰতিবছৰে ওলাই আহে বন্যহস্তীৰ দল।

খুমটাইৰ কছুপথাৰত বিচৰণ এজাক বন্যহস্তীৰ

উল্লেখ্য যে, কছুপথাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে হয় ৰঙালাওৰ খেতি। বন্যহস্তীৰ অন্যতম প্ৰিয় খাদ্য ৰঙালাও। খুমটাই অঞ্চলৰ বিঘাই বিঘাই ৰঙালাও খেতিক লক্ষ্য কৰি ধনশিৰী নদী পাৰ হৈ খুমটাইলৈ আহে বন্যহস্তীৰ জাক। অৱশ্যে কৃষকৰ বহু কষ্টৰ ফচল সহজে নষ্ট কৰিব নোৱাৰে বন্যহস্তীৰ দলে। সকলো কৃষক তথা গাওঁবাসীয়ে হাতে হাতে যাঁঠি জোং লৈ বন্যহস্তীৰ দলটোক খেতি পথাৰত প্ৰৱেশত বাধা দিয়ে। অৱশেষত অহা বাটেৰেই বনাঞ্চললৈ যাত্ৰা কৰে বন্যহস্তীৰ দলটোৱে।

Last Updated : Jun 10, 2019, 12:05 PM IST

ABOUT THE AUTHOR

...view details