গোলাঘাট, ৭ নৱেম্বৰ: আজি স্কাউট-গাইডৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত স্কাউট-গাইডৰ আৰম্ভণি হৈছিল। তেতিয়াৰে পৰা প্ৰতিবছৰে ৭ নৱেম্বৰ তাৰিখে স্কাউট-গাইডৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগতে অসমতো শনিবাৰে প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটতো ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
গোলাঘাটত স্কাউট-গাইডৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - স্কাউট-গাইডৰ
শনিবাৰে গোলাঘাটত স্কাউট-গাইডৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। COVID-19ৰ প্ৰট'কল মানি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ধনশিৰি অ'পেনষ্টুপ স্কাউট গাইড সমিতিয়ে।
গোলাঘাটত স্কাউট-গাইডৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ধনশিৰি অ'পেনষ্টুপ স্কাউট গাইড সমিতিয়ে গোলাঘাটৰ ৰূপজ্যোতি নগৰ প্ৰাথমিক বিদ্যালয়ত মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্যবিধি মানি প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। জনতাৰ স্বাৰ্থত ইংলেণ্ডৰ লৰ্ড বেডেল পাৱেলে স্কাউট-গাইড প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত ভাৰততো এই সেৱা আৰম্ভ কৰা হয়।