গোলাঘাট,২০ ছেপ্টেম্বৰ :গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া নামঘৰত দুই ফৈদৰ মাজত সংঘাত অব্যাহত আছে (Athkheliya Namghar controversy)। সমিতি গঠনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত বিবাদ ইমানে বাঢ়ি গৈছে যে আঠখেলীয়া নামঘৰৰ মূল প্ৰৱেশদ্বাৰত এটা পক্ষই তলা ওলমালে । ঐতিহাসিক নামঘৰটোত তলা লগোৱাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
আনকি সেৱা নোলোৱাকৈয়ে উভতি যাবলগীয়া হৈছে দূৰ-দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলে । জানিব পৰা মতে নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে নামঘৰত তলা লগাইছে (Lock at the main gate of Athkheliya Namghar)। উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পাছত পৰিচালনা সমিতি গঠন কৰা পক্ষই দায়িত্ব গ্ৰহণ কৰাত বাধা আৰোপ কৰে কৰ্ণধাৰ সমিতিয়ে ।
উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত ভাদ মাহৰ নাম-কীৰ্তন চলি থকাৰ মাজতে নামঘৰৰ প্ৰেক্ষাগৃহত অনুস্থিত হৈছিল সাধাৰণ সভা । নামঘৰৰ খেলোৱা ৰাইজৰ মাজত বিভাজন ঘটাৰ বাবে সাধাৰণ সভা এটা পক্ষৰ মাজতে অনুষ্ঠিত হৈছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পৰিচালনা সমিতি গঠন কৰি দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহোঁতে দুই পক্ষৰ মাজত যুদ্ধংদেহী পৰিস্থিতিৰ সূচনা হয় (Tense situation at Athkheliya Namghar)। যাৰ বাবে আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলগীয়া হয় ।