অসম

assam

By

Published : Jul 31, 2019, 12:35 PM IST

ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱ: এজন লোক গুৰুত্বৰ ভাবে আহত

গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷  বুধবাৰে হাতীৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় বিজয় ছেত্ৰী নামৰ এজন 35 বছৰীয়া লোক৷

গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত এজন আহত

গোলাঘাট, 31 জুলাইঃ হাতীৰ উপদ্ৰৱ হ্ৰাস পোৱা নাই ৰাজ্যত। বৰঞ্চ ক্ৰমাৎ তীব্ৰতৰ হৈছে হাতী-মানুহৰ সংঘাত। আজি গোলাঘাটত হাতীৰ আক্ৰমণত আহত হয় এজন লোক।

বুধবাৰে পুৱাৰ ভাগত নাহাৰচলা অঞ্চলত পুনৰ বন্যহস্তীৰ উপদ্ৰৱত গুৰুতৰ ভাৱে আহত হয় বিজয় ছেত্ৰী (ভিম ছেত্ৰী ) নামৰ এজন 35 বছৰীয়া লোক ৷ দিনে নিশাই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি থকা এটা 25-30 টা হাতীৰ বৃহৎ জাকে ঘৰৰ চোতালতে খেদি খেদি আক্ৰমণ কৰে লোকজনক৷ পিছত লোক জনক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও বৰ্তমানলৈকে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে লোকজনে ৷ ইফালে মূলতঃ বনাঞ্চল ধ্বংস ,খাদ্য সংকটৰ বাবেই এতিয়া এনেদৰে গোলাঘাটত বিশেষকৈ সুন্দৰপুৰ, বকিয়াল, ৰংবং, নাহৰচলা আদি অঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে বন্য হস্তীৰ উপদ্ৰৱ ৷ স্থানীয় ৰাইজৰ অভিযোগ, আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত এজন আহত

ABOUT THE AUTHOR

...view details