গোলাঘাট,28 জুন: লক ডাউনৰ মাজতে চোৰৰ অভিযান চলিল গোলাঘাটৰ ভিন্ন প্ৰান্তত ৷ মাছ,মাংসৰ দোকানৰ পৰা ফাৰ্ণিচাৰৰ বিপণীলৈকে একো সাৰি নাযায় চোৰৰ অভিযানৰ পৰা ৷ জিলাখনৰ তপন নগৰ নিবাসী ধনীৰাম কৰ্মকাৰ, পাৰ্থ কলিতা আৰু কছাৰীহাটৰ দুল আলী নামৰ তিনিজন চোৰৰ অভিযানৰ বাবে নিৰ্ধাৰিত বিবাহৰ দিন পিছুৱাব লগীয়া হৈছে এঘৰ লোকে ৷
গোলাঘাটত আৰক্ষীৰ জালত তিনি গভাইত চোৰ - গোলাঘাট চহৰ
কুকুৰা চুৰি কৰিবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিল এটা চোৰৰ দল ৷ গোলাঘাট চহৰত দীৰ্ঘদিনে ত্ৰাসৰ সৃষ্টি কৰি অহা তিনিজন চোৰক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাৰ্যত স্বস্তিৰ নিশ্বাস পেলাইছে গোলাঘাটবাসীয়ে ৷
![গোলাঘাটত আৰক্ষীৰ জালত তিনি গভাইত চোৰ Arrested three thief at golaghat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7806128-thumbnail-3x2-a.jpg)
আৰক্ষীৰ জালত গভাইত চোৰ
আৰক্ষীৰ জালত গভাইত চোৰ
ঘটনাৰ বিৱৰণী অনুসৰি, বেঙেনাখোৱাৰ এখন ফাৰ্ণিচাৰৰ বিপণীত এগৰাকী গ্ৰাহকে কন্যাৰ বিবাহৰ বাবে অৰ্ডাৰ দি থোৱা আচবাবসমূহ এইকেইটা চোৰে চুৰি কৰাত পিছুৱাবলগীয়া হৈছে বিবাহৰ দিন ৷ পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ চোৰকেইটাই শনিবাৰে নিশা চহৰখনৰ মাজমজিয়াস্থিত বজাৰত কুকুৰা চুৰি কৰিবলৈ আহি ধৰা পৰে আৰক্ষীৰ হাতত ৷ তাৰপিছতে ওলাই পৰে জোলোঙাৰ মেকুৰী । আৰক্ষীয়ে ইতিমধ্যে চোৰ কেইটাৰ বাসগৃহৰ পৰা বিভিন্ন আচবাবকে ধৰি ফ্ৰীজ, টিভি, কুকুৰা, মাছ, ফেন আদি বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে ।