গোলাঘাট,25 ডিচেম্বৰ :বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত শীৰ্ষস্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিছে গোলাঘাটৰ কংকণজ্যোতি শইকীয়াই । গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত কংকণজ্যোতি শইকীয়া গোলাঘাটৰ বিপিন কাকতি পথৰ নিবাসী ৷ তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গোলাঘাটবাসী ।
বহু আগৰ পৰাই এই আশা পূৰণৰ সপোন দেখিছিল কংকণজ্যোতি শইকীয়াই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ সময়ৰ পৰাই তেওঁ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ৷