অসম

assam

ETV Bharat / state

খুমটাইৰ শিখামণিক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ - খুমটাইৰ এগৰাকী যুৱতী আৰু এটা দুৰ্ভগীয়া পৰিয়াল

খুমটাইৰ জগত নেওগ আৰু বন্তি নেওগৰ কন্যা শিখামণি নেওগ নামৰ যুৱতীগৰাকী কেইবামাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে ৷ এই দুৰ্ভগীয়া পৰিয়ালটোয়ে এতিয়া চৰকাৰ তথা দল-সংগঠনলৈ যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছে ৷

খুমটাইৰ এগৰাকী যুৱতী আৰু এটা দুৰ্ভগীয়া পৰিয়াল

By

Published : Nov 20, 2019, 2:36 PM IST

খুমটাই, 20 নৱেম্বৰঃ দৰিদ্ৰতাই কোঙা কৰা খুমটাইৰ এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা ৷ খুমটাইৰ জগত নেওগ আৰু বন্তি নেওগৰ কন্যা শিখামণি নেওগ নামৰ যুৱতীগৰাকী কেইবামাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে ৷ দিন হাজিৰা কৰি পৰিয়ালটোক যেনে-তেনে পোহপোল দিয়া পিতৃ জগত নেওগে চিকিৎসাৰ নামত বিক্ৰী কৰিছে ঘৰৰ মাটি-বাৰি, গৰু-ছাগলী আদি সকলো ৷ কিন্তু ইমানৰ পাছতো গোটাব পৰা নাই চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন ৷ এই দুৰ্ভগীয়া পৰিয়ালটোয়ে এতিয়া চৰকাৰ তথা দল-সংগঠনলৈ যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি অনুৰোধ জনাইছে ৷

খুমটাইৰ এগৰাকী যুৱতী আৰু এটা দুৰ্ভগীয়া পৰিয়াল

কোনো লোকে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 9101877434 নম্বৰত যোগাযোগ কৰি ইণ্ডিয়ান বেংকৰ গোসাঁইসত্ৰ শাখা Ac No-6257750004, IFSC Code- IDIB000G043 ত সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ উল্লেখ্য যে, যুৱতীগৰাকীৰ এটা বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈ পৰাত এতিয়া দিক-বিদিক হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ গাঁওখনৰ লোকসকলে পৰিয়ালটোক সহায় আগবঢ়াইছে যদিও উন্নত চিকিৎসাৰ বাবে সেইয়া পৰ্যাপ্ত নহয় ৷ সেয়েহে এতিয়া নিৰুপায় পৰিয়ালটোৱে সকলোৰে পৰা অকণমান সহায় বিচাৰিছে ৷

আৰু পঢ়কঃ শিক্ষা খণ্ডৰ দুৰ্দশাঃ এটা কোঠা, এগৰাকী শিক্ষক আৰু 75জন ছাত্ৰ-ছাত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details