গোলাঘাট, 26 জুন : গোলাঘাটৰ মৰঙী চাহ বাগিছাত নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস উদযাপন৷ ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণ পৰিষদৰ উদ্যোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ ব্যৱসায় বিৰোধী দিৱস৷
গোলাঘাটৰ শালমৰা চাহ বাগিচাত নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস
চাহ বাগিচা সমূহত আজিও বাধাহীন ভাৱে চলি থকা চুলাই মদৰ প্ৰচাৰ ৰোধৰ বাবে সজাগতা সভা উদযাপন ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণ পৰিষদৰ ৷
গোলাঘাটত নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস উদযাপন
চাহ বাগিচা সমূহত আজিও বাধাহীন ভাৱে চলি থকা চুলাই মদৰ প্ৰসংগ দাঙি ধৰি ইয়াৰ নিবাৰণৰ বাবে ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে গোলাঘাট জিলাৰ মাণ্ডলিক সংগঠক বিনি গোৱালায়ে৷ ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা সজাগতামূলক সভাত উপস্থিত থাকে গোলাঘাট আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তি সকল।
উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰাৰম্ভতে বিষাক্ত সুৰা সেৱন কৰাৰ ফলত শালমৰা চাহ বাগিচাত প্ৰাণ হেৰুৱাইছিল ডেৰশতাধিক লোকে৷