গোলাঘাট, ১ অক্টোবৰ: ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থাকি ৰাইজৰে তেজ শোহে একাংশ ঘোচখোৰ আৰক্ষী বিষয়াই । পুনৰ এই কথাকে সত্য বুলি প্ৰমাণিত কৰিলে গোলাঘাটৰ এগৰাকী আৰক্ষী বিষয়াই । এফালে একাংশ বিষয়াই দিনে-নিশাই, ৰ'দে-বৰষুণকো আওকাণ নিজৰ কৰ্তব্য পালন কৰে, আনফালে আন একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই নিজৰ কু-কৰ্মৰে আৰক্ষীৰ নামত কালিমা সানে । এনে আৰক্ষী বিষয়াই নিজেই আইন ভংগ কৰে ।
এইবাৰ নিজেই আইনৰ ৰোষত পৰিল গোলাঘাটৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক । বৃহস্পতিবাৰে আব্দুল জেলিল নামৰ এই আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই । জানিব পৰা মতে, গোলাঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আব্দুল জেলিলে মাটি-বাৰী সংক্ৰান্তীয় গোচৰৰ তদন্তৰ সময়ত জিচু দাস নামৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা দাবী কৰিছিল । জিচু দাসে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰে ।