বনাঞ্চল এৰি জনাঞ্চলত কাজিৰঙাৰ বন্যপ্ৰাণী - kaziranga flood
কাজিৰঙাত কমিছে পানী কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ লেখ মাত্ৰাও কমা নাই দুখ-দুৰ্দশা ৷ বানত আলৈ-আথানিত ভোগা জীৱকূলে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত এতিয়া হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷
কাজিৰঙা, 19জুলাইঃ কাজিৰঙালৈ ক্ৰমাৎ উভতি আহিছে স্বাভাৱিক অৱস্থা ৷ ৰাজ্যৰ বানত ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অপৰিৱৰ্তিত হৈ আছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ দুৰ্ভোগ যাতনা ৷ সুৰক্ষিত স্থানৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বিপদত পৰিছে হৈছে হৰিণা আৰু ম'হকে ধৰি বিভিন্ন জীৱ আৰু পক্ষীকূল ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সোমোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী কিছু শুকোৱাত বিভিন্ন স্থানত উপঙি থকা অৱস্থাত জীৱ-জন্তুৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ এনেদৰেই কাজিৰঙাত বৃদ্ধি পাব ধৰিছে বানত মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ্যা ৷ বানত অৰণ্যৰ পৰা উচ্ছেদিত বাঘ, হৰিণা, হাতী, ম'হ, গড়ঁ আদিয়ে আশ্ৰয় আৰু প্ৰাণৰ তাড়নাত বৰ্তমান ঢাপলি মেলিছে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ৷