গোলাঘাট, ১৪ মে': গোলাঘাট-নুমলীগড় তিনিআলিত মঙলবাৰে এখন যাত্ৰীবাহী চিটি ৰাইড গাড়ীত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ । AS-05-B -9257 নম্বৰৰ বাহনখনৰ পিছফালৰ ছিটত উদ্ধাৰ মৃতদেহটো । মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচতে যাত্ৰীসকলোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
যাত্ৰীবাহী বাছত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ - dead body recovered
বাহনখন বোকাখাটৰ পৰা গোলঘাট অভিমুখে গৈ থকা সময়তে উদ্ধাৰ কৰা হয় মৃতদেহটো ।
যাত্ৰীবাহী বাছত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ
বাহনখন বোকাখাটৰ পৰা গোলঘাট অভিমুখে গৈ থকা সময়তে উদ্ধাৰ কৰা হয় মৃতদেহটো । বোকাঘাটৰ পৰা বাহনখনত যাত্ৰা আৰম্ভ কৰিছিল মৃত যুৱকজনে ।
আনহাতে, কি কাৰণত , কেনেকৈ যুৱকজনৰ মৃত্যু হয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও স্বাস্থ্যজনীত কাৰণত মৃত্যু হোৱা বুলি আশংকা কৰে যাত্ৰীসকলে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।