অসম

assam

ETV Bharat / state

পায়নিয়াৰ ফাউণ্ডেচনৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ এক আৱাসিক শিক্ষানুষ্ঠানত সৰ্বশিক্ষা মিছনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে দুখীয়া পৰিয়ালৰ কন্যা শিশুক প্ৰদান কৰে শিক্ষা । দুগৰাকী সুদক্ষ প্ৰশিক্ষকে তিনি মাহ ধৰি প্ৰদান কৰা কাৰ্যসূচীৰ এই মাহত অন্ত পৰে ৷ উল্লেখ্য যে, পায়নিয়াৰ ফাউণ্ডেচনে বিগত বৰ্ষত এনেধৰণৰ কল্যানকামী কাৰ্যসূচী হাতত লৈ আহিছে ।

AN EXTRAORDINARY INITIATIVE BY PIONEER FOUNDATION

By

Published : Apr 29, 2019, 9:35 PM IST

গোলাঘাট, ২৯ এপ্ৰিল: গোলাঘাট জিলা সৰ্বশিক্ষা অভিযানৰ পৰিচালনাত মৰঙী ব্লকৰ অন্তৰ্গত ফুলবাৰিৰ এখন ব্যতিক্ৰমী আৱাসিক শিক্ষানুষ্ঠান । য’ত চৰকাৰী খৰছেৰেই ৬ বছৰৰ পৰা ১৪ বছৰৰ কন্যা শিশুক প্ৰদান কৰা হয় শিক্ষা । কন্যাৰ পঢ়া - শুনাৰ বাবে সামৰ্থ্য নথকা অভিভাৱকে এই বিদ্যা মন্দিৰলৈ লৈ আহে নিজ কন্যা সন্তানক । বিদ্যালয় কৰ্তৃপক্ষইও তেওঁলোকক পাঠ্য়ক্ৰমৰ জ্ঞানৰ লগতে কাৰিকৰী শিক্ষাও প্ৰদান কৰে ৷

AN EXTRAORDINARY SCHOOL FROM GOLAGHAT

চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে সৰ্বশিক্ষা মিছনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনে ছাত্রী সকলকৰ মাজত পুতলা তৈয়াৰী, কাটিং, এম্ব্ৰইডাৰী, ৰন্ধন প্ৰণালীৰ প্ৰশিক্ষণ দি আহিছে ৷ দুগৰাকী সুদক্ষ প্ৰশিক্ষকে তিনি মাহ ধৰি প্ৰদান কৰি অহা এই কাৰ্যসূচী চলিত মাহত অন্ত পৰে ৷ প্ৰশিক্ষণৰ সামৰণিৰ দিনা সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ লগতে গোলাঘাটৰ কেইবাজনো ব্যৱসায়ী উপস্থিত থাকে । উপস্থিত ব্যৱসায়ীসকলে কণমানি শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ লগতে গোলাঘাট শৰ্মা বুকষ্ট'লে যোগান ধৰে টিংকল, সঁফুৰা, মৌচাক আৰু সাধু কিতাপ ৷ উল্লেখ্য যে, পায়নিয়াৰ ফাউণ্ডেচনে বিগত বৰ্ষত এনেধৰণৰ কল্যানকামী কাৰ্যসূচী হাতত লৈ আহিছে ।

AN EXTRAORDINARY SCHOOL FROM GOLAGHAT

ABOUT THE AUTHOR

...view details