গোলাঘাট,15 আগষ্ট : স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস আহিলেই আনন্দত আত্মহাৰা হোৱা বোকাখাত লখৌজানৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ এনেধৰণৰ বিশেষ দিন আহিলেই থৌকিবাথৌ হয় অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ মন ৷ ওৱলি যোৱা সেনাৰ পোচাক যোৰ পিন্ধি নিজ ঘৰতে তেওঁ বিশেষভাৱে উদযাপন কৰে দেশৰ বিশেষ দিনবোৰ ৷ 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধত এক বিশেষ ভূমিকা পালন কৰি পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল এই গৰাকী প্ৰাক্তন সেনা জোৱান ৷
এই সেনা জোৱানজনৰ নাম আনন্দ দাস ৷ 1968 চনত সেনা বাহিনীত যোগদান কৰিছিল আনন্দ দাসে ৷ 1971 চনত 5 নং অসম ৰেজিমেন্টৰ কেডাৰ হিচাপে নিযুক্ত হৈছিল তেওঁ ৷ 1971 চনৰ শেষৰ ফালে ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ সময়ত ৰেজিমেন্টৰ MMG গানাৰ-1 আছিল আনন্দ দাস ৷ 9 দিন ধৰি চলা যুদ্ধৰ পিছত পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল এই প্ৰাক্তন সেনা জোৱান গৰাকী ৷ ইয়াৰ পাছতে পাকিস্তানৰ লাইলপুল কাৰাগাৰৰ 323 নম্বৰ কয়দী হিচাপে আছিল এইজন আনন্দ দাস ৷
উল্লেখ্য যে,ভাৰতীয় সেনাই দাসৰ লগতে আন বন্দী হোৱা সেনা সকলৰ সন্ধান নোপোৱাত যুদ্ধত নিহত হোৱা বুলি সন্দেহ কৰিছিল ৷ পাকিস্তানৰ লাইলপুল কাৰাগাৰত 2 বছৰ থকাৰ পিছত চিমলা চুক্তিৰ ফলশ্ৰুতিত মুক্তি পাইছিল আনন্দ দাসসহ আন ভাৰতীয় জোৱান সকলে ৷