গোলাঘাট, 18 মে' :'আজাদী কা অমৃত মহোৎসৱ' (Azadi Ka Amrit Mahotsav) উপলক্ষে স্বাধীনতা সংগ্ৰামত থকা অৰিহণাৰ বাবে ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাত জলজীৱন মিচনৰ কাম হ'ব লাগিব ক্ষীপ্ৰতৰ । বুধবাৰে গোলাঘাটত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ (Ranjeet Kumar Dass at Golaghat)।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন হ'ব অমৃত সৰোবৰ (Amrit Sarovar to be set up in every district)। ৰাজ্যত মুঠ ৩৭০০ খন জিলাত স্থাপন হ'ব এই অমৃত সৰোবৰ ৷ সমান্তৰালকৈ গোলাঘাটত স্থাপন হ'ব ৭৫ ৰো অধিক সৰোবৰ । জলজীৱন মিছনৰ অধীনত ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ ৰাজ্যতে ঘৰে ঘৰে যোগান ধৰা হ'ব পানী ।
ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন হ'ব অমৃত সৰোবৰ : ৰঞ্জিত দাস কিন্তু শ্বহীদ কুশল কোঁৱৰৰ জন্মভূমি তথা স্বাধীনতা সংগ্ৰামত গোলাঘাটবাসীৰ থকা অৰিহণাৰ বাবে ভাৰত চৰকাৰৰ নিৰ্দেশক্ৰমে ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰতে জলজীৱন মিচনে ১০০% সামৰি ল'ব লাগিব গোলাঘাটক । বুধবাৰে গোলাঘাট জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈ এই ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷
বৃহস্পতিবাৰে যোৰহাটত কেন্দ্ৰীয় চৰকাৰৰ ৫ লাখ ১০ হাজাৰ লোকক গৃহ প্ৰদানৰ অভিলাষী পদক্ষেপৰ পূৰ্বে গোলাঘাটত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব মন্ত্ৰী ৰঞ্জিত দাসে । লগতে যোৰহাটত মুঠ ৫ লাখ ১০ হাজাৰ লোকক প্ৰদান কৰিবলগীয়া গৃহ আৱন্টনৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব । মুঠ ১১৬৭ কোটি টকাৰ প্ৰথম কিস্তিৰ বিপৰীতে আঁচনিখনৰ মুঠ খৰচ ৭৭০০ কোটি টকা । মূলতঃ অমৃত সৰোবৰ, জলজীৱন মিচন, আৱাস যোজনা তথা এনৰেগা আঁচনিৰ সম্পৰ্কত জিলাই জিলাই পৰ্যালোচনা সভা অনুষ্ঠিত কৰি আহিছে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :অমিত শ্বাহৰ মাত শুনি অসমৰ মানুহে বানপানীত শান্তি বিচাৰি নাপায়: ভূপেন বৰা