অসম

assam

ETV Bharat / state

সৰুপথাৰত জল জীৱন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ - alleged of corruption

সৰুপথাৰ সমষ্টিৰ পূৱ সৰুপথাৰৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শংকৰপুৰ গাঁৱত প্ৰধানমন্ত্ৰী জল জীৱন আঁচনি(Corruption in PM Jala Jeevan Scheme) ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ ঠিকাদাৰে পানী যোগান ধৰা পাইপসমূহ সঠিকভাৱে সংযোগ নকৰাৰ ফলত গাঁওখনৰ একাংশ লোকে বৰ্তমানেও লাভ কৰা নাই বিশুদ্ধ খোৱাপানী ৷ এই অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

allegations-of-corruption-in-jala-jeevan-scheme-at-sarupathar
সৰুপথাৰত জল জীৱন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

By

Published : Nov 22, 2021, 8:16 PM IST

সৰুপথাৰ, 22 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী জল জীৱন আঁচনি(Corruption in PM Jala Jeevan Scheme) ৰূপায়ণত ইতিমধ্যে বহু অনিয়ম সংঘটিত হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে ৷ এইবাৰ সৰুপথাৰ সমষ্টিৰ পূৱ সৰুপথাৰৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী জল জীৱন আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

গাঁও পঞ্চায়তৰ শংকৰপুৰ গাঁৱত আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাচতো একাংশ গাঁওবাসীয়ে খোৱাপানী লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, জিতেন ওৰাং নামৰ ঠিকাদাৰজনে তিনি মাহ পূৰ্বে পানী যোগান ধৰা পাইপসমূহ পোতা কাম সম্পূৰ্ণ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে(Public Health Engineering Department) আঁচনিখনৰ যোগেদি ৰাইজক পানী যোগান ধৰিছিল ।

সৰুপথাৰত জল জীৱন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগানৰ কাম আৰম্ভ কৰিছিল যদিও বিশুদ্ধ খোৱাপানী লাভ কৰাৰ পৰা বঞ্চিত হয় অঞ্চলটোৰ একাংশ লোকে ৷ বিভাগীয় নীতি অনুসৰি, পানী যোৱা পাইপসমূহ তিনি ফুট তলত পুতিব লাগে যদিও 6 ইঞ্চি তলত পুতিয়েই দায়িত্ব সামৰিছে কামৰ দায়িত্বত থকা ঠিকাদাৰজনে ।

বিভাগীয় নীতিক বিৰ্সজন দি অধিক লাভৰ আশাত এনে নিম্নমানদণ্ডৰ কাম কৰিছ ঠিকাদাৰজনে ৷ যাৰ ফলস্বৰূপে জলজীৱন আঁচনিৰ সুফল লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে গাঁওখনৰ একাংশ লোক । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ ঠিকাদাৰজনৰ এনে গাফিলতিৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ ।

ইফালে ঠিকাদাৰজনৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে শংকৰপুৰ গাঁওবাসীয়ে ৷ নিম্ন মানদণ্ডৰ কাম কৰা ঠিকাদাৰ আৰু তেওঁক সহযোগ কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়কক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :বোকাখাতত 'জল-জীৱন মিছন' আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details