বোকাখাত, 27 জুলাই: বোকাখাতৰ বিধানসভা সমষ্টিৰ কুৰুৱাবাহী পঞ্চায়তত সংঘটিত হৈছে চৰকাৰী কঠিয়া ধান বিতৰণৰ কেলেংকাৰী (Scam in government seed distribution) ৷ কুৰুৱাবাহী পঞ্চায়তৰ অধীনৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ বাবে বোকাখাতৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা যোগান ধৰা হৈছিল বৃহৎ পৰিমাণৰ চৰকাৰী কঠিয়া ধান । বিগত ৯ জুলাইতে বোকাখাতৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা যোগান ধৰা হৈছিল ধানখিনি ৷
পিছে কঠিয়া সিঁচাৰ সময় উকলি যোৱাৰ পাছতো ৰহস্যজনকভাৱে আজি পৰ্যন্ত বিতৰণ কৰা নহ'ল চৰকাৰী বীজখিনি । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী কঠিয়া ধানখিনি ক'লা বজাৰত বিক্ৰীৰ পৰিকল্পনা কৰিছিল বিভাগীয় কৰ্তৃপক্ষই (Allegation against Agriculture department) ।
বোকাখাতত উদক ভেঁটা ৰখীয়া পাতিলে কৃষিবিভাগে তাৰোপৰি বিভাগীয়ভাৱে বানত ক্ষতিগ্ৰস্ত কৃষকৰ পিয়ল কৰাৰ লগতে কঠিয়া ধানৰ বিতৰণ নকৰি কি কাৰণত ৰহস্যজনকভাৱে অগপৰ দলীয় কৰ্মীক ধান বিতৰণৰ কৰ্তৃত্ব প্ৰদান কৰা হ'ল এই লৈও কৃষিবিভাগৰ বিৰুদ্ধে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
মঙলবাৰে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত তথা জীপাল কৃষক শ্ৰমিক সংঘৰ তৎপৰতাত অগপ নেতা জিতুমণি বৰাৰ বাসগৃহত কৃষি বিভাগৰ লগতে বোকাখাত আৰক্ষী উপস্থিত হৈ ধানখিনি জব্দ কৰে । খোদ কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতে উদ্ভৱ হোৱা এই কেলেংকাৰীক লৈ ক্ষোভিত হৈ স্থানীয় কৃষক ৰাইজৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘই কেলেংকাৰীৰ সৈতে জড়িত বিষয়াৰ লগতে অগপ পালিনেতা জিতুমণি বৰাক অচিৰেই গ্ৰেপ্তাৰৰ দাবী জনায় ।
লগতে পঢ়ক:Bijli Mahotsav in Baksha: বৰমাত জিলা প্ৰশাসনৰ উদ্যোগত বিজুলী মহোৎসৱ